মানুহৰ মৃত্যু কিয় হয়?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
মানুহৰ মৃত্যু কিয় হয় এই প্ৰশ্ন সোধাটো স্বাভাৱিক, বিশেষকৈ যেতিয়া আমাৰ কোনো আপোনজনাৰ মৃত্যু হয়। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “মৃত্যুৰ হুল পাপ, আৰু পাপৰ বল বিধান।”—১ কৰিন্থীয়া ১৫:৫৬.
সকলো মানুহে কিয় পাপ কৰে আৰু মৃত্যু হয়?
প্ৰথম মানৱ আদম আৰু হৱাই ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ বাবে নিজৰ জীৱন হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পৰিণাম আছিল মৃত্যু, কিয়নো ঈশ্বৰৰ লগত “জীৱনৰ ভুমুক” আছে।—গীতমালা ৩৬:৯; আদিপুস্তক ২:১৭.
আদমে তেওঁৰ সতি-সন্ততিসকলক উত্তৰাধিকাৰী হিচাপে পাপ দি গʼল। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱেই পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) গতিকে, পাপী হোৱাৰ বাবে সকলো মানুহৰ মৃত্যু হয়।—ৰোমীয়া ৩:২৩.
মৃত্যুক কেনেকৈ নাইকিয়া কৰা হʼব?
ঈশ্বৰে এনে এক সময়ৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে, যেতিয়া “তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস” কৰিব। (যিচয়া ২৫:৮) মৃত্যুৰ মূল কাৰণ হৈছে পাপ আৰু ঈশ্বৰে ইয়াক নাইকিয়া কৰিব। ঈশ্বৰে এই কাৰ্য্য যীচু খ্ৰীষ্টৰ যোগেদি কৰিব, কিয়নো তেওঁ এই “জগতৰ পাপ নিওঁতা” হয়।—যোহন ১:৩০; ১ যোহন ১:৭.