নিজৰ জীৱন ৰক্ষা কৰাৰ বাবে যিহোৱাৰ সাক্ষীসকলে শুভবাৰ্ত্তা ঘোষণা কৰে নেকি?
এনে নহয়। এইটো সঁচা যে আমি নিয়মিয়াকৈ ঘোষণা কাৰ্য্যত ভাগ লওঁ। কিন্তু ঘোষণা কাৰ্য্য কৰাৰ যোগেদি আমি উদ্ধাৰ পাম বুলি কেতিয়াও বিশ্বাস নকৰোঁ। (ইফিচীয়া ২:৮) কিয় বাৰু?
অনুগ্ৰহ কৰি এই উদাহৰণলৈ ধ্যান দিয়ক: কল্পনা কৰক যে এজন দয়ালু ব্যক্তিয়ে প্ৰতিশ্ৰুতি দিছে যে যিসকল লোকে তেওঁ কোৱা এক বিশেষ দিন আৰু স্থানত উপস্থিত হʼব, তেওঁলোকক এটা উপহাৰ দিয়া হʼব। যদি সেই ব্যক্তিজনৰ প্ৰতিশ্ৰুতিত আপোনাৰ বিশ্বাস আছে, তেনেহʼলে আপুনি তেওঁ কোৱা অনুসৰি নকৰিবনে? নিশ্চয় কৰিব। ইয়াৰ উপৰিও, আপুনি নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসলক জনাব, যাতে তেওঁলোকেও এটা উপহাৰ লাভ কৰিব পাৰে। কিন্তু আপুনি তাত কেৱল উপস্থিত হʼলেই যে উপহাৰ লাভ কৰিব, এনে নহয়। তেনেহʼলে আপুনি উপহাৰ লাভ কৰাৰ কাৰণ কি? কাৰণ সেই ব্যক্তিজনে আপোনাক উপহাৰ দিব বিচাৰে।
ঠিক সেইদৰে, যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে যিসকল লোকে ঈশ্বৰৰ আজ্ঞা পালন কৰিব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। (ৰোমীয়া ৬:২৩) আমি আমাৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ চেষ্টা কৰোঁ, যাতে সকলোৱে ইয়াৰপৰা উপকৃত হʼব পাৰে। কিন্তু ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ যোগেদি উদ্ধাৰ পাম বুলি আমি কেতিয়াও বিশ্বাস নকৰোঁ। (ৰোমীয়া ১:১৭; ৩:২৮) মন কৰিবলগীয়া কথা যে কোনো মানুহেই নিজ অধিকাৰেৰে অনন্ত জীৱনৰ বাবে দাবী কৰিব নোৱাৰে। সেইবাবে পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “আমি কৰা ধৰ্ম্ম-কৰ্ম্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া-অনুসাৰে . . . আমাৰ পৰিত্ৰাণ কৰিলে।”—তীত ৩:৪, ৫.