আপুনি জানেনে?
পুৰাতত্বৰ অনুসন্ধানৰপৰা কেনেকৈ প্ৰমাণ হয় যে বাবিলত বেলচচৰ নামৰ এজন ব্যক্তি আছিল আৰু তেওঁ এজন ৰজা আছিল?
বাইবেলৰ বিষয়ে সমালোচনা কৰা লোকসকলে বহুবছৰৰ ধৰি কৈছিল যে দানিয়েল কিতাপত উল্লেখ কৰা বেলচচৰ নামৰ কোনো ব্যক্তি কেতিয়াও নাছিল। (দানি. ৫:১) তেওঁলোকে এনেদৰে কোৱাৰ কাৰণ হৈছে যে পুৰাতত্ববিদসকলে বেলচচৰ নামৰ কোনো ব্যক্তি আছে বুলি ক’তো প্ৰমাণ পোৱা নাছিল। কিন্তু ১৮৫৪ চনত এই বিষয়ে নতুনকৈ অনুসন্ধান কৰা হয়।
জে. জি. টেলৰ নামৰ এজন ব্ৰিটিছ অনুসন্ধানকাৰীয়ে ১৮৫৪ চনত দক্ষিণ ইৰাকত কিছুমান ধ্বংসাৱশেষৰ ওপৰত অনুসন্ধান কৰে, যি প্ৰাচীন সময়ৰ ঊৰ চহৰ আছিল। তাত অনুসন্ধানকাৰীসকলে এটা উখ দুৰ্গত বেলনাৰ আকৃতিৰ বহুতো মাটিৰ পাত্ৰ পালে। এই মাটিৰ পাত্ৰ ৪ ইঞ্চি দীঘল আৰু তাত কীলাকাৰ লিপিত খোদিত কৰা হৈছিল। এটা পাত্ৰত এটা প্ৰাৰ্থনা লিখা আছিল। এই প্ৰাৰ্থনাত বাবিলৰ ৰজা নবʼনাইডছ আৰু তেওঁ পুত্ৰ বেলচচৰ দীৰ্ঘ আয়ুসৰ কামনা কৰা হৈছিল। এই অনুসন্ধানৰপৰা প্ৰমাণ হ’ল যে বেলচচৰ নামৰ এজন ব্যক্তি নিশ্চয় আছিল। বাইবেলৰ বিষয়ে সমালোচনা কৰা লোকসকলে এই কথা বিশ্বাস কৰিবলৈ বাধ্য হ’ল।
বাইবেলত কেৱল বেলচচৰ নাম উল্লেখ কৰাই নহয়, তেওঁ এজন ৰজা আছিল বুলিও উল্লেখ কৰিছে। এই কথাষাৰৰ ওপৰতো বাইবেলৰ সমালোচনা কৰা লোকসকলে ভুল বুলি কৈছিল। উদাহৰস্বৰূপে, ১৯ শতিকাত ইংৰাজী বৈজ্ঞানীক বিলয়ম টেলবটে লিখিছিল, কিছুমান লোকসকলে এইদৰে কৈছিল, “বেল-চৰ-ওচুৰ [বেলচচৰ] নিজৰ পিতৃৰ ঠাইত শাসন কৰিছিল। কিন্তু এইদৰে কোৱাৰ কোনো প্ৰমাণ নাই।”
কিন্তু পাছলৈ ইয়াৰ বিষয়ে সত্যতা পোহৰলৈ আহে। মাটিৰ আন পাত্ৰবোৰত যি লিখা আছিল, তাৰপৰা প্ৰমাণিত হয় যে বেলচচৰ পিতৃ ৰজা নবʼনাইডছ দীৰ্ঘদিন ধৰি নিজৰ ৰাজধানীৰপৰা দূৰৈত আছিল। তেওঁ চহৰত নথকাৰ সময়ত কোনে শাসন কৰিছিল? এনচাইক্লোপিডিয়া ব্ৰিটেনিকাই কৈছে যে “যেতিয়া নবʼনাইডছ আন দেশলৈ যায় তেতিয়া তেওঁৰ ৰাজশাসন এজন ডাঙৰ সৈনিক বেলচচৰৰ হাতত গতাই দিছিল।” ইয়াৰপৰা ক’ব পাৰি যে সেইসময়ত বাবিলত বেলচচৰে ৰজাৰ কিছুমান দায়িত্ব পালন কৰিছিল। এই প্ৰমাণৰ আধাৰত পুৰাতত্ত্ব বিজ্ঞানী আৰু ভাষাৰ বিদ্বান এলেন মিল্লৰ্ডে কৈছিল, “দানিয়েল কিতাপত” লিখা এই কথা সত্য হয় যে “বেলচচৰ এজন ৰজা” আছিল।
এইদৰে পুৰাতত্বই বাইবেলৰ দানিয়েল কিতাপখনক সত্য বুলি প্ৰমাণ কৰিলে। কিন্তু ঈশ্বৰৰ সেৱকসকলে পুৰাতত্বৰ প্ৰমাণৰ বাবে নহয়, কিন্তু বাইবেলত দিয়া প্ৰমাণৰ কাৰণেহে দানিয়েল কিতাপখন সত্য বুলি বিশ্বাস কৰে। বাইবেলে নিজেই প্ৰমাণ কৰে যে এই কিতাপখন ভৰসাযোগ্য আৰু ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰা লিখা হৈছে।—২ তীম. ৩:১৬.