প্ৰশ্ন ৯
মই বিকাশবাদৰ ওপৰত বিশ্বাস কৰিব পাৰোঁনে?
আপুনি কি কৰিব?
কল্পনা কৰক: এলেক্স বিপাঙত পৰিছে। ঈশ্বৰ আৰু তেওঁৰ সৃষ্টিৰ ওপৰত এলেক্সে বিশ্বাস কৰে। কিন্তু আজি তেওঁৰ জীৱবিজ্ঞানৰ শিক্ষকে ডাঠি শিকাই যে বিবৰ্তন সূত্ৰ সত্য হয় আৰু নতুন আৱিষ্কাৰে তাৰ প্ৰমাণ কৰে। এলেক্সে নিজকে আনৰ আগত হাঁহিয়াতৰ পাত্ৰ হʼব বিচৰা নাই। সেইবাবে তেওঁ নিজকে নিজে কৈছে, ‘যদি বৈজ্ঞানিকসকলে বিবৰ্তন সূত্ৰক সত্য বুলি প্ৰমাণেই কৰি দিছে, তেনেহʼলে তাৰ ওপৰত প্ৰশ্ন তুলিবলৈ মইনো কোন?’
যদি আপুনি এলেক্সৰ ঠাইত হোৱাহেঁতেন, স্কুলৰ কিতাপত লিখিত থকাৰ বাবে আপুনি বিবৰ্তন সূত্ৰক সত্য বুলি মানি লʼলেহেঁতেন নেকি?
ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!
বিবৰ্তন সূত্ৰক বিশ্বাস কৰক বা নকৰক, লোকসকলে প্ৰায়ে বৰ্ণনা কৰে যে তেওঁলোকে কি বিশ্বাস কৰে। কিন্তু কিয় বিশ্বাস কৰে, ইয়াৰ কাৰণ তেওঁলোকে কʼব নোৱাৰে।
-
কিছুমান লোকে তেওঁলোকৰ ধৰ্মই শিক্ষা দিয়াৰ বাবে পৃথিৱীখনক কোনোবাই সৃষ্টি কৰিছে বুলি বিশ্বাস কৰে।
-
স্কুলত শিকোৱাৰ বাবে কিছুমান লোকে বিবৰ্তন সূত্ৰৰ ওপৰত বিশ্বাস কৰে।
বিবেচনা কৰিবলগীয়া ছটা প্ৰশ্ন
পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: “প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলো স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:৪) আপুনি কি ভাবে, ইয়াক বিশ্বাস কৰিব পাৰিনে?
দাবী: এক ডাঙৰ বিস্ফোৰণ হʼল আৰু পৃথিৱীখন নিজে নিজে হৈ পৰিল।
১. এই বিস্ফোৰণ কোনে কৰিলে আৰু কি কাৰণে হʼল?
২. কোনটো কথাই স্পষ্ট কৰে—সকলোবোৰ নিজে নিজে হʼল অথবা কোনোবাই সৃষ্টি কৰিলে?
দাবী: মানুহ বান্দৰৰপৰা আহিছে।
৩. যদি মানুহ বান্দৰৰপৰা আহিছে, তেনেহʼলে মানুহ আৰু বান্দৰৰ মগজুৰ মাজত ইমান পাৰ্থক্য কিয়?
৪. ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ গঠনো ইমান জটিল কিয়?
দাবী: বিবৰ্তনৰ সত্যতাৰ প্ৰমাণ আছে।
৫. বিবৰ্তনৰ বিষয়ে দাবী কৰা লোকসকলে নিজে এই প্ৰমাণবোৰ পৰীক্ষা কৰিছেনে?
৬. আপুনি জানেনে যে বহুতোলোকে বিবৰ্তনৰ ওপৰত বিশ্বাস কৰে, কিয়নো তেওঁলোকক কোৱা হৈছে যে সকলো বুদ্ধিমান লোকে ইয়াক বিশ্বাস কৰে?
“আপুনি অৰণ্যৰ মাজেদি খোজকাঢ়ি গৈ থাকোঁতে, হঠাতে এটা সুন্দৰ ঘৰ দেখিবলৈ পালে। আপুনি ভাবিবনে: ‘কিমান সুন্দৰ ঘৰ! গছবোৰ নিশ্চয় এটাৰ ওপৰত আনটো পৰি ঘৰটো তৈয়াৰ হʼল।’ অসম্ভৱ! ই কেতিয়াও হʼব নোৱাৰে। তেনেহʼলে গোটেই সৌৰজগতখন নিজে নিজে হৈ গʼল বুলি আমি কেনেকৈ বিশ্বাস কৰিম?”—জুলীয়া।
“কল্পনা কৰক যে কোনোবাই আহি আপোনাক কৈছে যে ছপাশালত এটা বিস্ফোৰণ হৈছে আৰু তাত থকা ৰংবোৰ চিলিং আৰু দেৱালত পৰি নিজে নিজে হাজাৰ হাজাৰ আখৰ আৰু বাক্যৰ সৃষ্টি হৈছে। আপুনি ইয়াক বিশ্বাস কৰিবনে?”—গীতা।
ঈশ্বৰৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰি?
পবিত্ৰ শাস্ত্ৰই আমাক “যুক্তিসঙ্গত” হʼবলৈ উৎসাহিত কৰিছে। (ৰোমীয়া ১২:১) ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ ওপৰত আপোনাৰ বিশ্বাস কেৱল ইয়াৰ বাবে হোৱা উচিত নহয়
-
আপোনাৰ মনে কয় (মই ভাবোঁ যে এই পৃথিৱীখনক এক অদৃশ্য শক্তিয়ে চলাই আছে)
-
আনৰ দ্বাৰা প্ৰভাৱিত হৈ (মই ধাৰ্মিক লোকসকলৰ মাজত বাস কৰোঁ)
-
চাপ (মোৰ মা-দেউতাই মোক সৰুৰেপৰা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ শিকাইছে। ইয়াক বিশ্বাস কৰাৰ বাহিৰে মোৰ ওচৰত আন কোনো উপায় নাই।)
আপুনি যি বিশ্বাস কৰে তাৰ ওপৰত যথাযথ প্ৰমাণ থকা উচিত।
“যেতিয়া শ্ৰেণী কোঠাত শিক্ষকে আমাৰ শৰীৰৰ কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা কৰে, তেতিয়া ঈশ্বৰ যে আছে, মই আৰু স্পষ্টৰূপে বুজি পাওঁ। শৰীৰৰ প্ৰতিটো অংগই নিজৰ নিজৰ কাৰ্য্য কৰে। শৰীৰৰ ভিতৰত সৰুতকৈ সৰু কাম হৈ থাকে আৰু আমি তাৰ অনুভৱেই কৰিব নোৱাৰোঁ। মানুহৰ শৰীৰক অদ্ভুতৰূপে সৃষ্টি কৰা হৈছে।”—টিনা।
“যেতিয়া মই ওখ ওখ অট্টালিকা, ডাঙৰ ডাঙৰ জাহাজ বা কোনো মটৰ গাড়ী চাওঁ, তেতিয়া মই নিজকে প্ৰশ্ন কৰোঁ, ‘ইয়াক কোনে বনালে?’ আমি এখন মটৰ গাড়ীৰে উদাহৰণ লʼব পাৰোঁ। ইয়াক নিশ্চয় কোনো বুদ্ধিমান ব্যক্তিয়ে বনাইছে। ইয়াত থকা সৰু সৰু অংশবোৰে যেতিয়া একেলগে কাম কৰিব তেতিয়াহে গাড়ীখন চলিব। যদি এখন মটৰ গাড়ীক কোনোবাই নিৰ্মাণ কৰিছে, তেনেহʼলে মানুহক সৃষ্টি কৰা নিশ্চয় কোনোবা এজনা আছে।”—ৰিচাৰ্ড।
“মই যিমানেই বিজ্ঞানৰ ওপৰত অধ্যয়ন কৰি থাকোঁ, সিমানেই বিবৰ্তন সূত্ৰৰপৰা মোৰ বিশ্বাস নাইকীয়া হৈছে . . . ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা মোৰ বাবে অতি সহজ, কিন্তু বিবৰ্তন সূত্ৰৰ ওপৰত বিশ্বাস কৰা মোৰ বাবে বৰ কঠিন।”—অনিল।
ক্ষন্তেক চিন্তা কৰক
বৈজ্ঞানিকসকলে বছৰ বছৰ ধৰি বিবৰ্তন সূত্ৰৰ ওপৰত গবেষণা কৰি আছে। কিন্তু আজিলৈকে তেওঁলোকে এনে কোনো প্ৰমাণ তুলি ধৰিব পৰা নাই, যাক সকলোৱে গ্ৰহণ কৰিব পাৰে। যদি ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলে ইয়াৰ ওপৰত প্ৰশ্ন তুলিব পাৰে, তেনেহʼলে আপুনি কিয় প্ৰশ্ন তুলিব নোৱাৰে?